ফুলশয্যাৰ ৰাতি পত্নীক তই বুলি সম্বোধন কৰিছিলোঁ। কৈছিলোঁ তই মোক আপুনি বুলি মাতিবি। ওচৰত চপাৰ একদম চেষ্টা নকৰিবি । কাৰণ মোৰ পত্নী আছিল কয়লাৰ টুকুৰা। কিচকিচিয়া ক'লা আছিল তাইৰ গাৰ ৰং। বিয়াৰ ৰাতি ফুলেৰে সজ্জিত মোৰ কোঠাটোত সোমায়েই চাও বিচনাখনত ক'লা কুকুৰ বহি আছে ৰঙীন কাপোৰ পিন্ধি। ওঠত ৰঙা লিপষ্টিক, শিৰত ৰঙা সেন্দুৰ । ওৱাক থুই কি এক কুৎসিত সাজ। লাইট বন্ধ কৰোতেই বুজিলোঁ যেন এটি এন্ধাৰ লৈ শুই আছো। অনিচ্ছাকৃত ভাবে প্ৰথম নিশাৰ জৰুৰী যৌনতাৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰ পিছত তাইক বিছনাৰ পৰা উঠাই দিছিলোঁ।
যৌতুক বিৰোধী আছিলোঁ আমি। সেয়ে দেউতাৰ বক্তব্য আছিল যৌতুক নোলোৱাকৈ নিজৰ চিনাকি কাৰোবাৰ ছোৱালীক ঘৰৰ বোৱাৰী কৰি আনিব। সেয়াই হল। অযুত অনিচ্ছা সত্বেও দেউতাৰ দৰিদ্ৰ বন্ধুৰ ক'লা ছোৱালীজনীক মোৰ বিয়া কৰিবলগীয়া হল। কলেজৰ চেল্ফি বয়' জনৰ ভাগ্যত এনে এজনী পত্নী মিলিলে, যে জীৱনত পত্নীক লৈ আৰু চেল্ফি তুলিব পৰা নাযাব। বন্ধুসকলে মাজে সময়ে অনুৰোধ কৰিছিল পত্নীক লৈ ফুৰিবলৈ যাবলৈ। কিন্তু মই তাইক কেতিয়াও লগত নিয়া নাছিলো। মোৰ কি লাজ নালাগে নেকি! নিশা ঘৰলৈ পলমকৈ আহিছিলোঁ। তেতিয়ালৈকে তাই সাৰে থাকিছিল, খোৱা বাঢ়ি দিছিল। মাত বোল কৰা নাছিলো মই। কেনৈকৈ মাত বোল কৰো? বাৰ ডিস্কোত ধুনীয়া ধুনীয়া পৰী আপ্সৰা দেখি আহি ঘৰত আহি এনেকুৱা কুৎসিত ভাল লাগে নেকি? তাইৰ কি প্ৰয়োজন কোনোদিন সোধা নাই। ঘৰৰ সকলোৰে কাপোৰ কিনা হয়, খাবলৈ তো থাকেই। আৰু কি লাগে!? এনেকৈ পাৰ হৈ গ ল কেইমাহমান।
সিদিনা বন্ধু এজনে তাৰ প্ৰেয়সীৰ বাবে কিবা উপহাৰ কিনিছিল। সেইটো দিয়াৰ দায়িত্ব মোকে দিছিল। মাজনিশা উপহাৰটো লৈ ঘৰলৈ উভতিলো মই। দেখিলোঁ তাই ছোফাতে টোপনি গৈছে। এবাৰ ভাবিলো খাইছে নে নাই? মই নহালৈকে তাইক আকৌ কোনোদিন খোৱা দেখা নাই। মইয়ো শুই পৰিলোঁ। কিন্তু মনটোৱে বৰ উচপিচাই আছে। তাইক মাতি উঠাই কলোঁ, খাই লৈ শুই থাকিবি। পিছদিনা ৰাতিপুৱা উঠি চালোঁ উপহাৰৰ টোপোলাটো আৰু সজতনে নাই। তাই টোপোলাটো খুলি ভিতৰত যি আছিল সকলো ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছে। তাইৰ উৎফুল্লিত চেহেৰাটো চাই একো নকলো। বেচেৰী। ক'লা সেইবুলি কি আৰু সাজি কাচি থাকিবলৈ মন নাযায় নেকি? নিজেই মনে মনে হাঁহিছিলো সেইদিনা। তাৰ পিছত আকৌ সুধিলে সেই উপহাৰ কিনি বন্ধুৰ প্ৰেয়সীক দি দিছিলোঁ। তাৰ পিছত হঠাৎ এদিন তাই বমি কৰাত বুজিছিলো তাই মা হবলৈ ওলাইছে।
শীতৰ সময়ত এদিন মা দেউতা গাঁৱত গল ফুৰিবলৈ। ঘৰত থাকিলো মই আৰু তাই। সেই নিশা শুনকালে ঘৰলৈ উভতিলো। কাৰণ গোটেই ঘৰটোত তাই অকলে আছে। গাৱৰ ছোৱালী, কব পৰাতো নাযায়, ভূতলৈ ভয় পায় নেকি আকৌ! ঘৰত উভতি শুনিলো ৰান্ধা হোৱা নাই। কাৰণ জানিব বিচৰাত তাই কলে, ভাবিছিলো আপুনি বন্ধুসকলৰ সৈতে খাই আহিব। দুপৰীয়াৰ যিখিনি ভাত আছে সেইখিনিৰে মোৰ হৈ যাব। তাইৰ কথাশুনি মই ফ্ৰিজ খুলি চালোঁ অলপমান ভাত আছে। মই কলো কাপোৰ পিন্ধি ওলা, হোটেলত খাবি। তাই যাব নিবিচাৰে। মই তাইক থৈ যাব পৰা নাই, ঘৰত আৰু কোনো নাই। অৱশেষত দুয়ো ওলালো। নিশাৰ মহানগৰীয়েও যেন নিৰ্বাক হৈ চাই আছিল সিদিনা। মই কলো হাত ধৰ, নহলে নহলে ভীৰৰ মাজত হেৰাই থাকিবি। সিদিনা প্ৰথম তাই মোৰ সৈতে বাহিৰলৈ ওলাইছিল, প্ৰথম মোৰ হাত ধৰিছিল। বেয়া নহয়। মইয়ো তাইৰ আঙুলি ধৰিছিলো যাতে হেৰাই নাযায়। হোটেলত মোক আপুনি বুলি নহয় তুমি বুলি মাতিবি, মই কলো। তাই মোৰ জোকাৰিলে। কিন্তু হোটেলত খোৱাৰ সময়ত তাই মোক এবাৰো মাতা নাছিল। ওলোটাই মইয়ে সুধিছিলোঁ, তুমি আৰু কিবা খাবা!?
সিদিনা চালোঁ ফেচ ক্ৰীমৰ প্লাষ্টিকটো কাটি ক্ৰীম ওলাই আছে। খঙত কলো ক্ৰীম শেষ হৈছে কব নোৱাৰা নেকি? সিদিনা তাই প্ৰথম মোক চেম্পুৰ কথা কৈছিল। মই সিদিনাই কচমেটিক কিনি দিবলৈ তাইক লৈ বজাৰলৈ ওলাই গৈছিলো। বহুত বন্ধুৱে সিদিনা প্ৰথম আমাক একেলগে চাইছিল আৰু সকলোৱে বৌ বুলি তাইক সন্মানো কৰিছিল। সকলোৱে তিনিদিন পিছত তাইক মোৰ সৈতে আড্ডা দিবলৈ যাবলৈও অনুৰোধ কৰিছিল। তিনিদিন পিছত মই তাইক বাইকত উঠাই লৈ গৈছিলোঁ। সেইটো তাইৰ জীৱনৰ প্ৰথম লং ৰাইড আৰু ৰাইডাৰ আছিলো মই ।
জীৱনত প্ৰথমবাৰ তাইৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো মই। তাই যেন সুস্থ থাকে। কাৰণ তাই আজি মাক হব। আৰু মই হম দেউতা। নাজানো কৰ পৰা আজি মোৰ ইমান চকুলো বৈ আহি আছিল। হস্পিতালত মই বাৰে বাৰে তাইৰ ওচৰলৈ গৈছিলোঁ। তাই মোৰ হাতখন ধৰি যিমানবাৰ কৈছিল, মোৰ বহুত ভয় লাগি আছে, সিমানবাৰেই মই কৈছিলোঁ ভয় নকৰিবা মই আছো। সিদিনা তাই ওচৰত কাকো বিচৰা নাছিল, মোৰ বাদে। মোক বাৰে বাৰে আশে পাশেই থাকিব কৈছিল। আৰু মইয়ো বাৰে বাৰে পৰ্দাৰ ফাকেৰে তাইক চাইছিলোঁ। চিজাৰত লৈ যোৱা হৈছিল তাইক। চিজাৰিঅ সম্পন্ন হোৱাৰ পিছত সন্তান পালো। কিন্তু তাইক আৰু নাপালো। তাইৰ মৃত শৰীৰৰ ওপৰত পৰি সিদিনা বহুত কান্দিছিলো। এনেকুৱা লাগিছিল যেন নিজৰ কলিজাটো ছিঙি গৈছে। আজিও তাইৰ সৎকাৰ কৰা ঠাইত যাওঁ তাইক বিচাৰি। চিৎকাৰ কৰি কও, উভতি আহা তুমি, তোমাৰ সৈতে এটা চেল্ফি তুলিব আছে..! মই জানোঁ তাইৰ প্ৰাপ্য ভালপোৱা তাইক দিব পৰা নাই। কিন্তু এতিয়া বুজিছো বুকুৰ বাওঁ ফালটো এতিয়াও কিয় বিষাই যায়...!
মূল: অজ্ঞাত।
অনুবাদ©: আমিনুৰ ৰহমান।
ছবি: ইন্টাৰনেটৰ সৌজন্যত।