ভাৰতীয় দণ্ডবিধিৰ ১২৪-(ক) ধাৰা বা ৰাষ্ট্ৰদ্ৰোহ আইনৰ বৈধতা পুনৰবিবেচনা চলাকালীন এই ধাৰাৰ অধীনত কাৰো বিৰুদ্ধে গোচৰ ৰুজু কৰিব পৰা নাযাব। যিসকলৰ বিৰুদ্ধে এই ধাৰাৰ অধীনত গোচৰ চলি আছে তেওঁলোকেও জামিনৰ বাবে কৰিব পাৰিব আবেদন। আজি অৰ্থাৎ বুধবাৰে উচ্চতম ন্যায়ালয়ে জনায় এই কথা। যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ আইন পুনৰবিবেচনা কৰাৰ কথা অৱগত কৰিছিল উচ্চতম ন্যায়ালয়ক। এই আইনৰ পুনৰবিবেচনাৰ কাম শেষ নোহোৱালৈকে এই আইনৰ অধীনত চলি থকা গোচৰ সমূহ স্থগিত ৰাখিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিবলৈ মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু আদালতত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল যে, এই আইনখনৰ অনুশীলন স্থগিত ৰখিব পৰা নাযাব। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু আৰু দ্ৰুত জামিনৰ বিষয়ত ৰাজ্য সমূহক পৰামৰ্শ প্ৰদান কৰিব পাৰিব। এই গোটেই বিতৰ্কৰ মাজতো আজি এই আইনৰ অনুশীলন বা প্ৰয়োগ স্থগিতৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে।
এই বিচাৰপীঠে শুনানী কালত কয় যে, "আমি আশা কৰিম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো গোচৰৰ পঞ্জীয়ন, অনুসন্ধান আৰু গোচৰ অব্যাহত ৰাখিবলৈ ভাৰতীয় দণ্ডবিধিৰ ১২৪-(ক) ধাৰা প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব।"
ৰাষ্ট্ৰদ্ৰোহৰ আইন সন্দৰ্ভত আজিৰ এই নিৰ্দেশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক বিৰোধী দলৰ নেতাই। কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজুজুৱে কয় যে," এই বিষয়ত আমাৰ স্থিতি স্পষ্ট, আমাৰ প্ৰধানমন্ত্ৰীৰ অভিপ্ৰায় আদালতক জনোৱা হৈছে। আমি আদালত আৰু ইয়াৰ স্বতন্ত্ৰতাক সন্মান কৰো কিন্তু ইয়াত লক্ষ্মণৰেখা এটা আছে যাক ৰাষ্ট্ৰৰ প্ৰতিটো অংগই সন্মান আৰু আখৰেৰে পালন কৰিব লাগে।"
এই বিষয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "সচা কোৱাটো দেশভক্তি হয়, দেশদ্ৰোহীতা নহয়। সচা শুনাটো ৰাজধৰ্ম, সত্যক অগ্ৰাহ্য কৰাটো অহংকাৰ।"
তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক জয় বুলি অভিহিত কৰে। মহুয়া মৈত্ৰই কয়, আজি গনতন্ত্রৰ বাবে এক ঐতিহাসিক দিন। দেশদ্ৰোহীতাৰ আইন স্থগিত। উচ্চতম ন্যায়ালয়ক ধন্যবাদ ।
এনেকৈয়ে দেশদ্ৰোহীতা আইনৰ শুনানি আৰু নিৰ্দেশনা বুধবাৰৰ দিনটোত চৰ্চাৰ শীৰ্ষত থাকে।
✍️ মোঃ আমিনুৰ ৰহমান