শ্ৰীলংকাত চৰম বিত্তীয় সংকট। কোন দিশে অগ্ৰসৰ ভাৰতৰ অৰ্থনীতি!?


আমেৰিকাৰ বিখ্যাত মানৱ অধিকাৰ কৰ্মী মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল, "যদি দেশত ৰাজনীতিয়ে ধৰ্মীয় ইছ্যুৰ সৃষ্টি কৰে, তেনেহ'লে ভাবি ল'বা দেশ ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈছে।" সচাকৈয়ে যেন সেই কথা দিনক দিনে বাস্তৱ হবলৈ গৈ আছে। বিগত প্ৰায় দুটা দশক ধৰি ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ শাসনৰ বাঘজৰী পৰিচালনা কৰা ৰাজপাক্ষে পৰিয়ালে কেৱল বিদেশী ঋণ আৰু দেশৰ সংখ্যালঘু আৰু সংখ্যাগুৰু সকলৰ মাজত এক বিভাজন সৃষ্টি কৰি ৰাখি শাসন চলাই আহিছিল। সংখ্যাগুৰু সকলেও এই বিভাজনৰ ৰাজনীতিত সন্তোষ্ট হৈ অকৰ্মণ্য নেতৃত্বক বাৰে বাৰে শাসনলৈ আনিছিল। সংবাদ মাধ্যমত বহি থকা সকলেও চৰকাৰৰ নেতিবাচক দিশ সমূহৰ বিৰুধীতা কৰাৰ পৰিবৰ্তে চৰকাৰৰ অঘোষিত মুখপাত্ৰ হিচাপেহে কাম কৰি আহিছিল। সংস্থাপন আৰু উন্নয়ন অবিহনে দেশ এখন কেৱল বিদেশী ঋণ আৰু ধৰ্মীয় বিভাজনৰ জৰিয়তে কিমান দিনলৈকে চলি থাকিব? বিগত কিছুদিন ধৰি শ্ৰীলংকাত চৰম অৰ্থনৈতিক সংকটে দেখা দিছে, ৰাজকোষত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ শূণ্য হৈ পৰিছে। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে। বিদেশৰ পৰা আমদানি কৰিব পৰা নাই মৌলিক প্ৰয়োজনৰ সামগ্ৰী। 

         এই বিত্তীয় সংকট সমাধানত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকাৰ জনসাধাৰণ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ উঠিছে। ৰাজপাক্ষে পৰিয়ালৰ সদস্যসকলে দীৰ্ঘদিন ধৰি শ্ৰীলংকাত চৰকাৰৰ নেতৃত্ব দি আহিছে। গতিকে বিত্তীয় সংকটৰ বাবেও তেওঁলোককে সমালোচনা কৰা হৈছে। প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই সোমবাৰে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীনহৈ কনিষ্ঠ ভাতৃ তথা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰি সপৰিয়ালে দেশ এৰি পলায়ন কৰে যদিও ক্ষুদ্ধ ৰাইজে জ্বলাই দিয়ে প্ৰধানমন্ত্ৰী বাসগৃহ। এই ক্ষুদ্ধ ৰাইজৰ পৰা সাৰি যোৱা নাই শ্ৰীলংকা চৰকাৰৰ মন্ত্ৰী, চৰকাৰৰ সমৰ্থক আৰু চৰকাৰৰ বহতীয়া সাংবাদিক সকলো। মঙলবাৰৰ দিনটোত ভীৰাক্ৰমনৰ ফলত প্ৰান হেৰুৱাবলগীয়া লগীয়া হয় ৰাজাপেক্ষা চৰকাৰৰ মন্ত্ৰী এজনে। আনফালে এই প্ৰৱল প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাত পাঁচজন সাধাৰণ লোকো নিহত হৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ দেশখনতে কাৰফিউ বলবৎ কৰি মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ সৈন্য আৰু আৰক্ষী। এই সমগ্ৰ বিক্ষিপ্ত ঘটনাৰ মাজতো নিজৰ পদত অটল আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপেক্ষা গুটাবায়া। ৰাষ্ট্ৰপতি জনৰ পদত্যাগৰ দাবীৰে এতিয়াও উত্তপ্ত হৈ আছে দেশখন।

            চুবুৰীয়া দেশ শ্ৰীলংকাৰ এই অৰ্থনৈতিক বিপৰ্য্যয় আৰু দেশখনত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এতিয়া ভাৰততো এনে পৰিবেশ উদ্ভৱ হব পাৰে বুলি আশংকা ব্যক্ত কৰিছে অৰ্থনীতিবিদ সকলৰ লগতে বিৰুধী নেতা সকলেও।এই প্ৰসংগত সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱে যোৱা দুই মে তাৰিখে সংসদৰ বাহিৰত সাংবাদিকৰ আগত কয় যে, "শ্ৰীলংকাসদৃশ পৰিস্থিতি ভাৰততো ঘটিব পাৰে। কেন্দ্ৰৰ ওচৰত চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিবলৈও ধনৰ অভাৱ হ’ব। কেন্দ্ৰৰ ২ বছৰত ৪.২৭ লাখ কোটি টকাৰ এফচিআই ৰাজসাহায্য আছে। তেওঁলোকৰ ওচৰত কোনো ধন নাই। এই চৰকাৰ দেউলিয়া হৈছে।" 

           পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থা বেয়া কিন্তু ভাৰতৰ অৱস্থা শ্ৰীলংকাৰ অৱস্থাতকৈ অধিক বেয়া। ইয়াত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে চিবিআই আৰু ইডি ব্যৱহাৰ কৰাৰ বিপৰীতে দেশৰ বিত্তীয় সংকটৰ বিষয়ে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকত মিলিত হব লাগে।" 

           উল্লেখ্য যে, শ্ৰীলংকাৰ দৰে ভাৰততো অত্যাৱশ্যকীয় আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্য আকাশলংঘী মূল্যবৃদ্ধি, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস আৰু মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন হোৱা ঘটনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সমাজবাদী পাৰ্টিৰ সাংসদ ৰামগোপাল যাদৱৰ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।

          

✍️মোঃ আমিনুৰ ৰহমানে। 

Post a Comment

Previous Post Next Post