ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৯ অনুসূচী ১ মতে- সুকীয়া ভাষা, লিপি, বা সংস্কৃতি থকা আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰত বা তাৰ কোনো অংশত বাস কৰা নাগৰিক সকলৰ যিকোনো বিভাগৰ সেইবোৰ সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব।
অনুচ্ছেদ ২৯ অনুসূচী ২ মতে-ৰাজ্যৰ দ্বাৰা পোষিত হোৱা বা ৰাজ্য নিধিৰ পৰা সাহায্য পোৱা কোনো শিক্ষা প্ৰতিষ্ঠানত কেৱল ধৰ্ম, জাতি বৰ্ণ ভাষা বা তাৰ কোনটোৰ হেতুকে কোনো নাগৰিকক প্ৰৱেশ নিদিয়াকৈ থাকিব নোৱাৰিব।
অনুচ্ছেদ ৩০ অনুসূচী ১ মতে- ধৰ্মৰ ভিত্তিতেই হওক বা ভাষাৰ ভিত্তিতেই হওক সকলো সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষা প্রতিষ্ঠান নিজৰ মনোমত শিক্ষা প্রতিষ্ঠান স্থাপন আৰু প্ৰশাসন কৰাৰ অধিকাৰ থাকিব ।
অনুচ্ছেদ ৪৯ মতে - (সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত) ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন বুলি (ঘোষিত) কলাত্মক বা ঐতিহাসিক কাৰণত চিত্তাকর্ষক প্রত্যেক স্মাৰক বা স্থান বা বস্তু যথাস্থিতি লুণ্ঠন, বিৰূপকৰণ, বিনাশ, অপসাৰণ, ব্যয়ন অথবা ৰপ্তানিৰ পৰা ৰক্ষা কৰাটো ৰাজ্যৰ বাবে বাধ্যতামূলক হ'ব।
তাৰোপৰি অনুচ্ছেদ ৫১ অনুসূচী ১(চ)ৰ মতে, আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাৰ সংৰক্ষণৰ কথা কোৱা হৈছে।
১৯৬১ চনৰ লোকপিয়লত ১৬৫২ টা মাতৃভাষা ভাষা লিপিবদ্ধ কৰা হৈছিল, যিটো ১৯৭১ চনলৈকে ৮০৮ টালৈ হ্ৰাস পাইছিল। স্বাধীনতাৰ পিছৰে পৰা প্ৰায় ৩০০ ভাষা এতিয়া আৰু অনুসন্ধানযোগ্য নহয়। ২০১৩ চনত কৰা 'পিপলছ লিংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া'ত প্ৰায় ৮৬০ টা ভাৰতীয় ভাষা চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৭ টাক বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰিছিল। স্বীকৃতিৰ অভাৱ, থলুৱা ভাষীসকলৰ প্ৰতি পক্ষপাতিত্ব আৰু ইংৰাজী ভাষাৰ আগমন, যিটো ভাৰতত ব্ৰিটিছসকলে শক্তিশালী শিপা প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ হৈছিল, যাৰ ফলত দেশত কেইবাটাও ভাষাৰ মৃত্যু হৈছে।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে, ২০১৩ চনত বিপন্ন ভাষা সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আঁচনি [Scheme for Protection and Preservation of Endangered Languages (SPPEL)] আৰম্ভ কৰিছিল যাতে দেশৰ যিবোৰ ভাষা বিপন্ন হৈ পৰিছে বা অদূৰ ভৱিষ্যতে বিপন্ন হোৱাৰ সম্ভাৱনা আছে সেইবোৰৰ নথিভুক্তকৰণ আৰু আৰ্কাইভৰ কৰিব পৰা যায়। ১৯৬৯ চনত উক্ত মন্ত্ৰালয়ে ভাৰতীয় ভাষাৰ বিকাশ আৰু সমন্বয়ৰ লগতে ক্ষুদ্ৰ, সংখ্যালঘু আৰু জনজাতীয় ভাষাসমূহৰ সুৰক্ষা আৰু নথিভুক্তকৰণৰ বাবে ভাৰতীয় কেন্দ্ৰীয় ভাষা প্ৰতিষ্ঠান [Central Institute of Indian Languages (CIIL)] প্ৰতিষ্ঠা কৰে। ২০০৩ চনত পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়ে ভাৰতৰ বিপুল সম্পদৰ পাণ্ডুলিপিৰ নথিপত্ৰ, সংৰক্ষণ আৰু ডিজিটেলাইজ কৰাৰ বাবে ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছন [National Mission for Manuscripts (NMM)] গঠন কৰে।
২০২০ চনৰ ২৪ মাৰ্চত অসম বিধানসভাত Departmentally related standing committee on education,2020-2021য়ে এখন প্ৰতিবেদন দাখিল কৰে। বিধান সভাত দাখিল কৰা প্ৰতিবেদনটোত কমিটিটোৱে তেওলোকৰ Observation and recommendations Art & Culture Grant No. 27 ত "অসমৰ চৰ-চাপৰিসমূহত বাস কৰা লোকসকলৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰা এটা সংগ্ৰহালয় গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰিবলৈ কমিটীয়ে পৰামৰ্শ আগবঢায়।" কমিটিৰ পৰামৰ্শটোত অসম বিধান সভাই অনুমোদনো দিয়ে।
সংকলক
মোঃ আমিনুৰ ৰহমান।
২৫.১০.২০২২