প্ৰেমৰ নৈ সকলোৰে হৃদয়ত বয়,
যি প্ৰেমত নাথাকে কোনো স্বাৰ্থ
সেই প্ৰেমেইতো অমৰ হয়!
প্ৰেমৰ তুলিকাৰে যি ছবি আঁকে তেওঁৰ মনে
সেই ছবি দুচকুত ভাঁহে সৰ্ব্বক্ষণ।
পোৱাৰ বিশ্বাস, নোপোৱাৰ ভয় নাথাকে
যি প্ৰেমত
সেই প্ৰেমৰ সৰ্বদা হয় জয়।
প্ৰেমততো নকৰে তেওঁ অভিনয়!
তথাপিওঁ কিয় অভিনয়ৰ অপবাদ তেওঁক ন্যস্ত কৰা হয়?
ধৈৰ্য্যৰ প্ৰাচীৰ ভাঙি
প্ৰেমত পৰি , যিজনে দি দিয়ে নিজৰ জীৱন,
বুজিব লাগিব জীৱনতকৈ প্ৰিয় আছিল তেওঁৰ আপোনজন!
Tags:
Poem