তোমাৰ কবিতাৰ শিৰোনাম হোৱাৰ হাবিয়াস


হে মোৰ অভিমানী কবি;
তোমাৰ কবিতাৰ শিৰোনাম হোৱা হ'লে
যি কবিতাৰ আদিৰ পৰা অন্তলৈকে
ময়েই থাকিলোহেঁতেন,
যেনেকৈ..
গগনচুম্বী আকাশত
ফুল বছা তৰাই তথৈবচ কৰি
লুকা ভাকু খেলে;
সমুদ্ৰই পানীক আবদ্ধ কৰি ৰাখে;
আৰু
আকাশে মেঘক ।
আস্ কি যে নান্দনিক আকুলতা ।

ঠিক তেনেকৈ তোমাৰ কবিতাত আবদ্ধ হব বিচাৰোঁ মই।
সচাকৈয়ে তোমাৰ কবিতাৰ
শিৰোনাম হোৱা হ'লে...

কাব্যিক যাত্ৰাত ৰস সানি
অনুপম ছন্দ হৈ তোমাৰ অনুভৱত
জিলিকাৰ মাদকতা,
ধৰাৰ বুকুত কেনেদৰে প্ৰেম আহে
যেন তাৰেই এক উন্মদনা।

তুমি মোৰ জীৱনলৈ অহা ধৰনেই যে কবিতাৰ শাৰীবোৰ জীৱনলৈ ভুমুকি মাৰে ;
সেয়া নিশ্চিত হৈছিলোঁ
বহাগৰ আগমনৰ ধৰেই তুমি আহিছিলা মোৰ বুকুত ;
মোৰ মন প্ৰাণে অনুভৱ সলাইছিল গছে পাত সলোৱাৰ দৰেই ;
তোমাৰ কবিতাৰ শিৰোনাম হব বিচাৰিছিলো মই;
তোমাৰ কবিতাৰ শিৰোনাম হোৱা হ'লে...!

Post a Comment

Previous Post Next Post