সঘনাই Encounter বা Extra judicial killing আৰু Custodial deaths ৰ ঘটনা সংঘটিত হৈ থকা ৰাজ্য এখনত সু-শাসনৰ ঢাক-ঢোল বজাই থকাটো বাতুলামীৰ বাদে আন একো নহয়। এনেবোৰ ঘটনা সু্স্থ গনতন্ত্ৰৰ পৰিপন্থী। Extra judicial killing আৰু custodial deaths ৰ ঘটনা সংঘটিত কৰি আৰক্ষীয়ে সদায়ে একেধৰণৰ যুক্তি আগবঢ়াই যে, আত্মৰক্ষাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে। কিন্তু এনে বহু ঘটনাৰ নিৰপেক্ষ তদন্তৰ অন্তত দেখা যায় ইয়াৰ আৰৰ ঘটনা সম্পূৰ্ণ বেলেগ আৰু পূৰ্ব পৰিকল্পিত।
সদ্য মুক্তিপ্ৰাপ্ত Jai Bhim চিনেমাখনৰ বিষয়বস্তুও হৈছে Extra judicial killing বা custodial deaths. চিনেমাখন বাস্তৱ ঘটনাৰ আধাৰত নিৰ্মিত। চিনেমাখন ইতিমধ্যে Oscar ৰ দৌৰত নামি পৰিছে।Extra judicial killing আৰু Custodial deaths ৰ বিষয়ে জানিবলৈ চিনেমাখন এবাৰ চাব পাৰে।
# প্ৰতিনিধিত্বমূলক ছবিখন গুগলৰ পৰা সংগৃহীত।