এই বেশত মই কোন!?



কঠোৰ বাস্তৱৰ মাজতো
মৰুভূমিৰ মৰিচিকা খেদি ফুৰি
ভাল পাওঁ মই
মই নৌ কোন! ?
বাৰু কোন মই সপোন পাগল সম্ভ্ৰাট!?

অমাবস্যাৰ নিশাতো এটি জোনাকী পৰুৱাৰ পিছে পিছে
দৌৰি ফুৰি অলপ পোহৰ বিচাৰি হাবাথুৰি খোৱা কোন এই ভ্ৰমৰ! ?
আলোক পাগল মইজন কোন!?
চুক ভেকুলী হৈ ছুইমিং পুলত সাঁতুৰিবলৈ যাওঁতে
জপিয়াই জপিয়াই আকাশৰ তট বিচৰা
মই কোন যাজাবৰ!?

শূণ্য শব্দৰ গৰাকী হৈ
কবিতা লিখাৰ হাবিয়াস কৰা
কোন জগতৰ অকবি মই!?
প্ৰেমিক নে পাগল! ?
বাৰু মই কোন?

Post a Comment

Previous Post Next Post