অন্তৰৰ অন্তদৃষ্টিৰে
সবকে সমান দেখিবলৈ
মই কিয় অন্ধ নহলো?
হৃদয়ৰ উদাৰ কৰ্ণৰে
সকলোৰে হৰ্ষ আনন্দ হৃদয়ংগম কৰিবলৈ
মই কিয় কলা নহলোঁ?
লোকক কৰা তিৰস্কাৰৰ পৰিণাম নিজে নুশুনিবলৈ
মই কিয় নিলাজ হলোঁ? !
কাকো বেয়াকৈ নকবলৈ
মই কিয় বোবা নহলোঁ!
অৰ কথা ত'ত লগাই
শ্ৰেষ্টত্বত কলংক নাসানিবলৈ
মই কিয় মানৱ কোলাত জন্মিলো? !
স্ৰষ্টাই হেনো জীৱশ্ৰেষ্ঠ হিচাপে
মোক
পঠালে এই জগতলৈ,
পিছে শ্ৰেষ্ঠত্বৰ মান নাৰাখি
প্ৰতিদিনে মই মোৰ কামেৰে
কাৰোবাক নহয় কাৰোবাক
দি আছো আঘাত কৰি আছো প্ৰতাৰণা !
এয়াই নেকি স্ৰষ্টাৰ শ্ৰেষ্ঠত্বৰ পৰিচয়?
যদি হয় তেন্তে
মই
অন্ধ, কলা, বোবা হোৱাই ভাল?
Tags:
Poem